এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭২
[খণ্ড ১৫
কীৰ্ত্তন-ঘোষা
মায়ায়ে মোহিত হুয়া যিটো জন
নভজে প্ৰভু তোমাক।
সুখক আশায়ে গৃহবাসে থাকে
দৈৱে বঞ্চিলেক তাক॥ ৯৭
ভাৰতে দুৰ্ল্লভ নৰ-দেহা পায়া
নভজে তোমাৰ পাৱ।
গৃহ-অন্ধকূপে পড়িয়া থাকয়
পশুৰ যেন স্বভাৱ॥
ৰাজ্য-শ্ৰী-মদে ভৈলোহো প্ৰমত্ত
দেহে আত্মা-বুদ্ধি ভৈল।
পুত্ৰ-দাৰা-ধন- আহাৰ-চিন্তায়ে
বিফলে জনম গৈল॥ ৯৮
গৃহ ঘট-সম দেহাত নৃপতি
বেলাওঁ কৰি চটি মতি।
তোমাকে নগণি হয় হস্তী ৰথে
পৃথিৱী ফুৰো পৰ্য্য়টি॥
বিষয়-চিন্তায় পৰম প্ৰমত্ত
থাকে মহামোহ-দৰ্পে।