পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮]
৩৭১
মুচুকুণ্ড-স্তুতি


তুমি মোৰ প্ৰিয়তৰ।
যেহি লাগে লৈয়ো বৰ॥
কহিয়োক অভিপ্ৰায়।
ভক্তৰ দুৰ্ল্লভ নাই॥৯৫
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়োক সৰ্ব্ব জনে॥
সমস্ত সমাজে ঢাকি।
হৰি হৰি বোলা ডাকি ॥ ৯৬

অষ্টম কীৰ্ত্তন

ঘোষা॥  ও হৰি নমো নাৰায়ণ
 চৰণে মাগো তৰণ-উপায়।
 তোমাৰ ভকতি বিনে বাসুদেৱ
 বৃথা আয়ু বহি যায়॥৮

পদ॥ পাছে মুচুকুন্দে কৃষ্ণক জানিলা
 গৰ্গৰ বাক্য সুমৰি।
পড়ি তুতি আতি  কৰিবে লাগিল
 চৰণে প্ৰণাম কৰি॥