পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চুকুতি তুমি অপ্রমত্ত হেলে মাৰা তাক এন্দুৰক যেন সর্পে। ৯৯ সুবৰ্ণৰ ৰথে যিটো হস্তী-কন্ধে ফুৰয় ৰাজা বােলাই। কালে প্রাণ গৈলে সেহিতে শৰীৰ হােৱে বিষ্ঠা-পলু ছাই । যিটো সার্বভৌম সিংহাসনে থাকে সামৰাজে সেৱা কৰে। স্ত্রীৰ অধীন হুয়া সিটো প্রভু গৃহতে থাকিয়া মৰে। ১০০ দুনাই ইন্দ্র হৈবাে বুলিয়া অনেক কৰি কায়-ক্লেশ দুঃখ। সিটো অভিলাষ ব্যর্থ হােৱে তাৰ কহিতে নাহিকে সুখ । যাহাৰ সংসাৰ গুচিবেক তাৰ মিলয় সাধু-সঙ্গতি। যেরে সাধু-সঙ্গ ভৈল তেৱে প্রভু তােমাত উপজে মতি। ১০১