এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চদশ খণ্ড
তৃতীয় ভাগ
মুচুকুন্দ-স্তুতি
যষ্ঠ কীৰ্ত্তন
ঘোষা॥ৰামক নাম আতি অনুপাম।
ৰামক নাম ৰামক নাম॥ ৬
পদ॥ ৰাজাত কহন্ত শুকে কথাক।
মান্ধাতাৰ পুত্ৰ জানিবা তাক॥
ইক্ষ্বাকু কুলত ভৈলন্ত জাত।
মুচুকুন্দ নামে জগতে খ্যাত॥ ৬৯
অসুৰত ভয়ে দেৱতা-ঝাক।
ৰাজাক বোলন্ত ৰাখা আমাক॥
নৃপতি পাছে ভৈলা স্বৰ্গ-পাল।
ৰাখিলা ত্ৰিদশক চিৰকাল ॥ ৭০
যেৱে সেনাপতি কাৰ্ত্তিক ভৈলা।
ৰাজাক দেৱে বুলিবাক লৈলা॥