পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৬
[খণ্ড ১৫
কীৰ্ত্তন-ঘোষা

এবে মুচুকুন্দ কৰা বিশ্ৰাম।
কৰিলা আমাৰ দুষ্কৰ কাম॥ ৭১

সমস্তে ৰাজ-ভোগ পৰিহৰি।
ৰাখিলা আমাক নিদ্ৰাক এড়ি॥
তোমাৰ আৱে পুত্ৰ-পত্নীগণ।
জ্ঞাতি মিত্ৰ আৰ সেৱক জন॥ ৭২

পৃথিৱীত কেহো নাহিকে ভালে।
সৱাকো সংহৰি নিলেক কালে॥
মোক্ষ ব্যতিৰেকে লৈয়োক বৰ।
বিষ্ণুসে মোক্ষৰ হোন্ত ঈশ্বৰ॥ ৭৩

বুলিলা দেৱক ৰাজা প্ৰণামি।
নলাগে বৰ নিদ্ৰা কৰো আমি॥
বোলন্ত এহি হোক দেৱগণে।
নিদ্ৰাত জগাৱে আসি যিজনে॥ ৭৪

হুইবেক ভস্ম তযু দৰশনে।
মৰিল যৱন এহি কাৰণে॥
পাছে মাধৱে কৰি অল্প হাসি।
নৃপতিক দেখা দিল আসি॥ ৭৫


 পা° পদ ৭২॥ পত্নীগণ—পৌত্ৰগণ।