পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৪
[খণ্ড ১৫খ
কীৰ্ত্তন-ঘোষা


সিটো কোন জন যৱনক যিটো
 ভস্ম কৰিলেক তথা।
কিহেতু সুতিয়া  আছে কিবা নাম
 কহিয়ো আমাত কথা॥

কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে
 শুনা সৱে সভাসদে।
আন চিন্তা এড়ি  ডাকি বোলা হৰি
 বৈকুণ্ঠে যাইবাৰ পদে॥ ৬৮


কালযৱম-বধ সমাপ্ত॥ ১৫খ॥