পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৃতীয় ভাগ মুচুকুন্দ-স্তুতি ঘােষা। পদ ৷ যষ্ঠ কীর্তন ৰামক নাম আতি অনুপাম। ৰামক নাম ৰামক নাম। ৬ ৰাজাত কহন্ত শুকে কথক। মান্ধাতাৰ পুত্র জানিবা তাক । ইক্ষাকু কুলত ভৈলন্ত জাত। মুচুকুন্দ নামে জগতে খ্যাত। ৬৯ অৰত ভয়ে দেৱতা-ঝাক। ৰাজাক বােল ৰাখা আমাক । নৃপতি পাছে ভৈলা স্বর্গ-পাল। ৰাখিলা ত্রিদশক চিৰকাল ৭ যেৱে সেনাপতি কার্তিক ভৈলা। ৰাজাক দেৱে বুলিবাক লৈ