এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫
৩৬১
কালযৱন-বধ
নৱ-পদ্ম-সম আয়ত অৰুণ
লোচন-যুগল জ্বলে॥
শিৰত কিৰীটি প্ৰকাশে অমূল্য
ৰত্নগণে আছে গঢ়ি।
নাসা তিল-ফুল অধৰ ৰাতুল
দান্ত-পান্তি কুন্দ-কড়ি॥ ৬১
কৰ্ণত মকৰ- কুণ্ডল দোলয়
কপালে অলকা-পান্তি।
কম্বু-কণ্ঠ মাজে কৌস্তুভ শোভয়
নৱ আদিত্যৰ কান্তি॥
প্ৰলম্ব বৰ্ত্তুল স্থুল ভুজ চাৰি
কেয়ুৰ কঙ্কণে শোভে।
গলে বনমালা আপাদ-লম্বিত
ভ্ৰমৰে নছাড়ে লোভে॥ ৬২
সুন্দৰ হৃদয়ে প্ৰকাশে শ্ৰীবৎস
কঙ্কালে মেখলা জ্বলে।
কৰিকৰ-সম উৰু নিৰুপম
নূপুৰ পদ-কমলে॥