পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫
৩৬১
কালযৱন-বধ

নৱ-পদ্ম-সম আয়ত অৰুণ
 লোচন-যুগল জ্বলে॥

শিৰত কিৰীটি প্ৰকাশে অমূল্য
 ৰত্নগণে আছে গঢ়ি।
নাসা তিল-ফুল  অধৰ ৰাতুল
 দান্ত-পান্তি কুন্দ-কড়ি॥ ৬১

কৰ্ণত মকৰ- কুণ্ডল দোলয়
 কপালে অলকা-পান্তি।
কম্বু-কণ্ঠ মাজে  কৌস্তুভ শোভয়
 নৱ আদিত্যৰ কান্তি॥

প্ৰলম্ব বৰ্ত্তুল স্থুল ভুজ চাৰি
 কেয়ুৰ কঙ্কণে শোভে।
গলে বনমালা আপাদ-লম্বিত
 ভ্ৰমৰে নছাড়ে লোভে॥ ৬২

সুন্দৰ হৃদয়ে প্ৰকাশে শ্ৰীবৎস
 কঙ্কালে মেখলা জ্বলে।
কৰিকৰ-সম উৰু নিৰুপম
 নূপুৰ পদ-কমলে॥