পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬০
[ খণ্ড ১৫খ
কীৰ্ত্তন-ঘোষা


ঘোষা॥ মাধৱ মধু সুদন দেৱ
 দাস উদ্ধাৰিয়া নিয়ো।
 তুমিসি পৰম  গুৰু নাৰায়ণ
 মোক উপদেশ দিয়ো॥ ৫


পদ॥ কালযৱনৰ আগে লীলা কৰি
 চলি যান্ত হৃষীকেশ।
 দেখিল যৱনে পাছে মাধৱৰ
 পৰম সুন্দৰ বেশ॥

 শৰত কালত ভৈলত উদিত
 যেন পূৰ্ণিমাৰ চান্দ।
 সুকুমাৰ শ্যাম  তনু পীত বস্ত্ৰে
 দেখিতে আতি সুছান্দ॥ ৬০

 সদায়ে ঈষত হাসি নুগুচয়
 প্ৰফুল্ল মুখ-কমলে।


পা ঘোষা ৫ ॥ দাস দিয়া॥ -দাস উদ্ধাৰি নে।
  ই তিনি ভুবনে তুমিসি ঈশ্বৰ
 আৱৰ তাৰিবে কে॥