এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৩৪৮
জৰাসন্ধৰ যুদ্ধ
কতো সেনা লৈয়া কৃষ্ণে আটোপে।
সমুখে মাগধক ধাইলা কোপে॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ১৪
দ্বিতীয় কীৰ্ত্তন
ঘোষা॥ এ হৰি নাৰায়ণ মাধৱে গতি।
কৃষ্ণৰ চৰণে মোৰ নছাড়োক মতি॥২
পদ॥ মাগধ ৰাজাৰ সেনা সাগৰ-সঙ্কাশ।
সুখে বহি পায়া আছে পথতে প্ৰয়াস॥
কতো হাসে মাতে কতো আছে নিদ্ৰা পাৰি।
হয় হস্তী ৰথ বান্ধি আছে সাৰি সাৰি॥ ১৫
নাহি যুদ্ধ-ঘৰা হয় হস্তীৰ পিঠিত।
নতু আনি জোড়ে ঘোড়া ৰথ-যুঁবলিত॥
শুধা হাতে বসিয়াছে যত ৰাজাচয়।
সিবেলাত নতু হন্ত আদিত্য উদয়॥ ১৬
হেন উষা-সময়ত পাছে যদুৰায়।
পশিলা সেনাৰ মাঝে নিসান কোবাই॥
সিংহ-নাদ কৰি হৰি ধনুক টঙ্কাৰি।
বৰবিলা দিব্য অস্ত্ৰচয়ক মুৰাৰি॥ ১৭