পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


OBV কীলোখা ৯৫ কৃষ্ণৰ বচনে ৰাখিলা কন্ধ। দেশক পাছে গৈল জৰাসন্ধ॥ নযায় নুপুহায় কৃষ্ণত হাৰি। আনিলা সৱে ৰাজা হাৰি॥ ৯ দায়া আপুনাক মাস তিনি। লড়িল সাজি তেইশ অক্ষৌহিণী। বেঢ়িল গৈয়া দুই মথুৰাক। যমুনা-তীৰে ৰৈল ৰজা-ঝাক। ১০ কাঠগড় বান্ধি বঞ্চিল ৰাতি। নাচে গাৱে ৰঙ্গে যত পয়াতি। মাধৱে পাছে সৱে বাৰ্তা পাইল। দুই যুঝিবাক মাগধ আইল॥ ১১ যদু-বীগণণা আনিলা মাতি। আলোচিলা কৃষ্ণে সমন্তে ৰাতি। আপুন সেনা তিনি ভাগ কৰি। নিয়োজিলা সৰে বীৰক হৰি।১২ সাৰণ গদক বললা দদাক। পঠাইলা ৰাম পাশে যুঝিবাক। উদ্ধৱ সাত্যকি অনেক ৰথে। বেঢ়িলে সেনা দক্ষিণ:পথে ৪:১৩