এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২ ]
২৫
পাষণ্ড-মৰ্দ্দন
দ্বিতীয় কীৰ্ত্তন
ঘোষা॥ হৰি ও হৰি ৰাম মুৰাৰি।
কীৰ্ত্তনৰ নিন্দা সৈতে নপাৰি॥ ২
পদ॥ চাণ্ডালে কৰিছে হৰি-কীৰ্ত্তন।
বুলিয়া তাক নিন্দে অজ্ঞ জন॥
তাক সম্ভাষণ যিজনে কৰে।
আজন্মৰ পুণ্য তেখণে হৰে॥ ১৭
বিষ্ণুৰ গুণ-নাম-অলঙ্কৃত।
অন্ত্যজো যি কৰি আছে গীত॥
তাক নিন্দা কৰে যিটো কুমতি।
পুণ্যক নশি যাইবে অধোগতি॥ ১৮
আমাৰ বোলে পতিয়ন নাই।
দেখিয়ো সুত-সংহিতাক চাই॥
ৰজোগুণে কৰে কৰ্ম্মত প্ৰাতি।
কৰ্মীৰ দম্ভ-ভাৱ বাঢ়ে আতি॥ ১৯
কৰে হিংসা-ধৰ্ম্ম নুপজে বোধ।
নুগুচয় যেন সৰ্পৰ ক্ৰোধ॥
পা ঘোষা ২॥সৈতে নপাৰি—সহিতে নাৰি, গুণিতে নাৰি।