পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ২ ] পাখওমান দ্বিতীয় কীৰ্তন ঘোষা। হৰি ও হৰি ৰাম মুৰাৰি। কীৰ্ত্তনৰ নিন্দা সৈতে নপাৰি। ২ পদ॥ চাণ্ডালে কৰিছে হৰিকীৰ্ত্তন। বুলিয়া তাক নিলে অজ্ঞ জন॥ তাক সম্ভাষণ যিজনে কৰে। আজন্মৰ পুণ্য তেখণে হৰে॥ ১৭ বিষ্ণুৰ গুণ-নাম-অলঙ্কত। অন্ত্যজো যি কৰি আছে গীত। তাক নিন্দা কৰে যিটো কুমতি। পুণ্যক নশি যাইবে অধধাগতি॥ ১৮ আমাৰ বোলে পতিয়ন নাই। দেখিয়ো সুত-সংহিতাক চাই। ৰজোগুণে কৰে কৰ্ম্মত প্ৰাতি। কৰ্মীৰ দম্ভ-ভাৱ বাঢ়ে আতি। ১৯ কৰে হিংসা-ধৰ্ম্ম নুপজে বোধ। সুগুচয় যেন সৰ্পৰ ক্ৰোধ। পা থোষা ২ সৈতে নপাৰি—সহিতে নাৰি, গণিতে নাৰি।