পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২ কীৰ্তন-ঘোষ [ খণ্ড ও হাসে বৈষ্ণৱক যিটো নিষখল। পাঁপত সমুলঞ্চে যায় তল৷ ২০ স্ত্ৰী-ধন-জন-যৌৱন-মদে। অন্ধ হোৱে বিদ্যা-গৰ্বৰ পদে। বিষ্ণু বৈষ্ণৱক ঝপায়া নিন্দে। হৰি-নামে যেন কাণত বিন্ধে। ২১ হৰি-ভকতক যিজনে হাসে। নুবুজি বেদৰ অৰ্থ বিনাশে। জগততে বিষ্ণু আছস্ত ব্যাপি। শুনিয়া তাক নুবুজয় পাপী। ২২ স্ত্ৰীমদ্য-মাংস-সেৱাৰ কথা। কৈ মৰে কৈ মৰে জন্মক বৃথা। নুবুজে বেদ-অভিপ্ৰায় গৃঢ়। কৰ্ম্মকো কৰিবে মুৱাৰে মূঢ়। ২৩ মূখ হুয়া বলে মঞি পণ্ডিত। নষ্ট কৰি ফুৰে আনৰৰ চিত্ত। নিষ্কামে কৰিয়া সকলে কৰ্ম। বিষ্ণুত অৰ্পিব সিসৱ ধৰ্ম্ম। ২৪ শ্ৰৱণ-কীৰ্ত্তন তাহাৰ ফল। মিছাত নজানি নিন্দে নিখল।