পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
[খণ্ড ১৪
কীৰ্ত্তন-ঘোষা


হস্তিনাপুৰৰ- পৰা পাণ্ডৱৰ
 বাৰ্ত্তাক আনা সত্বৰ॥

মৰিলন্ত পাণ্ডু  পাঞ্চ পুত্ৰ সমে
 কুন্তী ভৈল দুঃখভাগী।
ধৃতৰাষ্ট্ৰে বোলে  আনিলে শুনিলো
 হস্তিনাপুৰক লাগি॥ ৯

পাণ্ডৱক পুনু  হিংসা কৰে ৰাজা
 আপুন-পুত্ৰ-নিদান।
যেন ভাল-মন্দ  জানি আসা খুড়া
 সাধিবো মই কল্যাণ॥

অক্ৰূৰক হেন  প্ৰবোধ বুলিয়া
 প্ৰণয়ে ৰঞ্জিয়া চিত্ত।
আপুন গৃহক  চলি গৈলা পাছে
 উদ্ধৱ ৰাম সহিত॥ ১০

তাহান চৰণে  ভকতি কৰিলে
 সিজিবে সমস্তে কাম।
হৰিসে পৰম  বান্ধৱ জানিয়া
 লৈয়ো তান সদা নাম॥