পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৩
অক্ৰূৰৰ বাঞ্ছা-পূৰণ

অনেক ভকতি কৰিলন্ত তুতি
 নয়নৰ পৰে পানী।
অক্ৰূৰৰ মন মুহি হৰি পাছে
 হাসিয়া বুলিলা বাণী॥

তুমি গুৰু পিতৃ সুহৃদ আমাৰ
 আমি তযু পুত্ৰচয়।
ৰক্ষণ পোষণ কৰিবা সদায়
 আমাত হুয়া সদয়॥ ৭

যত নদী-নদ সিও তীৰ্থ হয়
 শিলাৰ প্ৰতিমা দেৱ।
তেসম্বেপৱিত্ৰ কৰে যেৱে পুনু
 বহু কালে কৰে সেৱ॥

দেখিল মাত্ৰকে ভকতে পৱিত্ৰ
 কৰে লোক নিৰন্তৰ।
দেৱে তীৰ্থে জানা ভকত জনৰ
 অনেক হোৱে অন্তৰ॥৮

হেনয় পৰম বন্ধুজন তুমি
 সুহৃদতে সাৰতৰ।


পা* ৮॥ হোৱে অন্তৰ–অহদন্তৰ