পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
অক্ৰুৰৰ বাঞ্ছা -পূৰণ


শুনা সর্ব্বজন কেদিন জীৱন
 তথাপি নুগুণা মনে।
হেন জানি কৃষ্ণ- চৰণে শৰণ
 লৈয়াে অকপট মনে॥ ১১

তান্ত বিনে আন ব্ৰহ্মাণ্ড মধ্যত
 তাৰন্তা নাহিকে কেৱ।
জানি তানে সদা  গুণ-নাম গায়া
 কৃষ্ণক কৰিয়াে সেৱ॥

কৃষ্ণৰ কিঙ্কৰে কহয় শঙ্কৰে
 নেড়িবা মুখত নাম।
আলজাল এড়ি  সমজ্যায়ে বেঢ়ি
 ডাকি বােলা ৰাম ৰাম ॥১২॥

অক্ৰুৰৰ বাঞ্ছা-পূৰণ সমাপ্ত॥১৪॥