এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
[খণ্ড ১৪
অক্ৰূৰৰ বাঞ্ছা-পূৰণ
দুৰ্জ্জন ৰাজাক বধিয়া মাধৱ
উদ্ধাৰিলা বসুন্ধৰী॥ ৪
আজি মোৰ গৃহে তীৰ্থতো অধিক
পৱিত্ৰ ভৈল আশেষ।
যিহেতু সাক্ষাতে জগতৰ গুৰু
আপুনি ভৈলা প্ৰৱেশ॥
কোননো পণ্ডিতে এড়িয়া তোমাক
আনক ভজিবে যাই।
ভকতজনক আপুনাকো দিয়া
জানো ইটো অভিপ্ৰায়॥ ৫
ভকতেসে প্ৰভু তোমাৰ বান্ধৱ।
দিয়া মনোৰথ-সিদ্ধি।
ব্ৰহ্মাৰ দুৰ্ল্লভ তোমাক দেখিলে
কিনো সুপ্ৰসন্ন বিধি॥
সুত বিত্ত দাৰা বিষয়-জঞ্জাল
ছিণ্ডা মোৰ মোহ-জৰী।
তোমাৰ চৰণ নিতান্তে চিন্তিয়া
ফুৰো কৃপা কৰা হৰি॥৬