পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-দােয়া দোতাইৰ পাৱক পখালি শিৰত লৈয়া পাদোদক-জল। গন্ধ পুষ্পে ধূপে বসনে পুজিয়া কৰিলা জন্ম সাফল। ২ পৰম সাদৰে কৃষ্ণৰ চৰণে কোলাত লৈয়া ব্যক্তিলা। প্রণতি-পূৰ্বকে তুতি কৰিবাক অক্ৰৰে পাছে লাগিল । সাধিলা আনন্দ কিনাে নাৰায়ণ সবান্ধৱে বধি কংস। কৰি পুনৰপি বঢ়াইবাহ যদুবংশ ॥ ৩ দুঃখৰ উদ্ধাৰ তােমাৰ ভকতি, পৃথক পায়ণ্ডে কৰয় যেৱে উচ্ছন। সত্তৰ ৰক্ষাৰ হেতু অৱতাৰ হােৱা তেৱে নাৰায়ণ। সম্প্রতি আপুনি। বঙ্গদেৱ-গৃহে ৰামে সমে অৱতৰি।