পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৯
কীর্ত্তন-ঘোষা


দোভাইৰ পাৱক পখালি শিৰত
 লৈয়া পাদোদক-জল।
গন্ধ পুষ্পে ধূপে বসনে পুজিয়া
 কৰিলা জন্ম সাফল॥ ২

পৰম সাদৰে কৃষ্ণৰ চৰণে
 কোলাত লৈয়া ঝাক্তিলা।
প্ৰণতি-পূৰ্ব্বকে তুতি কৰিবাক
 অক্ৰুৰে পাছে লাগিলা॥

সাধিলা আনন্দ কিনো নাৰায়ণ
 সবান্ধৱে বধি কংস।
দুঃখৰ উদ্ধাৰ  কৰি পুনৰপি
 বঢ়াইবাহা যদু-বংশ॥ ৩

তোমাৰ ভকতি, পৃথক পাষণ্ডে
 কৰয় যেৱে উচ্ছন।
সত্তৰ ৰক্ষাৰ হেতু অৱতাৰ
 হোৱা তেৱে নাৰায়ণ॥

সম্প্ৰতি আপুনি বসুদেৱ-গৃহে
 ৰামে সমে অৱতৰি।