এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্দ্দশ খণ্ড
অক্ৰুৰৰ বাঞ্ছা-পূৰণ
ঘোষা। গোপাল কৃপাল পালিয়ো বাপ
পাপ-পয়োধিত মৰো।
ইজন্মত নাথ নভৈল ভকতি
পাতকী কিমতে তৰো॥ ১
পদ॥ আত অনন্তৰে ৰাম উদ্ধৱক
কৃষ্ণ লৈয়া দুইকো সঙ্গে।
অক্ৰুৰৰ প্ৰীতি সাধিবাক প্ৰতি
লড়িলা মনত ৰঙ্গে॥
তিনি নৰোত্তম বান্ধৱ পৰম
আসন্ত দেখি অক্ৰুৰে।
পৰম আনন্দে আলিঙ্গিয়া আগ
বাঢ়িলা আতি সাদৰে॥ ১
ৰামক কৃষ্ণক পড়ি প্ৰণমিলা
তাঙ্কো প্ৰণমিলা দুই।
আসনে বৈসাই তিনিকো অৰ্চ্চিল
অক্ৰুৰে বিস্ময় হুই॥