এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
[খণ্ড ১৩
কীৰ্ত্তন-ঘোষা
চৌপাশে বেড়িয়া সেৱা কৰি আছে
সালঙ্কৃতা দাসীগণে॥
কৃষ্ণকেসে মনে চিন্তি আছে আতি
কেতিক্ষণে পাইবো বুলি।
সেহিবেলা আসি মাধৱো মিলিল
দেখিলেক মাথা তুলি॥ ৪
উল্লসি উৎসৱে উঠি বাঢ়ি গৈল
সখীগণ লৈয়া সঙ্গে।
আসনে বৈসাই সাদৰে কৃষ্ণক
পূজিলে যুৱতী ৰঙ্গে॥
উদ্ধৱক আতি সতকাৰ কৰি
আসন দিলা বঢ়াই।
আসনক মান্য কৰি হাতে দিয়া
বসিল মাটিতে যাই॥ ৫
মনুষ্য-চেষ্টাক দেখাই কৃষ্ণে পাছে
শষ্যাত ভৈলা প্ৰবেশ।
সৈৰিন্ধীও আনি দিব্য অলঙ্কাৰ
পিন্ধিল বস্ত্ৰ বিশেষ॥