পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
[খণ্ড ১৩
কীৰ্ত্তন-ঘোষা


চৌপাশে বেড়িয়া  সেৱা কৰি আছে
 সালঙ্কৃতা দাসীগণে॥

কৃষ্ণকেসে মনে  চিন্তি আছে আতি
 কেতিক্ষণে পাইবো বুলি।
সেহিবেলা আসি মাধৱো মিলিল
 দেখিলেক মাথা তুলি॥ ৪

উল্লসি উৎসৱে উঠি বাঢ়ি গৈল
 সখীগণ লৈয়া সঙ্গে।
আসনে বৈসাই সাদৰে কৃষ্ণক
 পূজিলে যুৱতী ৰঙ্গে॥

উদ্ধৱক আতি সতকাৰ কৰি
 আসন দিলা বঢ়াই।
আসনক মান্য কৰি হাতে দিয়া
 বসিল মাটিতে যাই॥ ৫

মনুষ্য-চেষ্টাক দেখাই কৃষ্ণে পাছে
 শষ্যাত ভৈলা প্ৰবেশ।
সৈৰিন্ধীও আনি দিব্য অলঙ্কাৰ
 পিন্ধিল বস্ত্ৰ বিশেষ॥