পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
কুঁজীৰ বাঞ্ছা-পূৰণ


সুৱৰ্ণ আসনে ৰঞ্জিত ভাজনে
 প্ৰকাশে প্ৰদীপ-পান্তি॥

সুৱৰ্ণ খাটত বিছাই হংস তুলি
 পুষ্প সিঞ্চি আছে ছানি।
মুৰালি মুকুতা  থোপা আড়ি চাৰু
 চন্দ্ৰাতপ আছে টানি॥ ২

মলয় চন্দন সুগন্ধিত ঘ্ৰাণ
 মালতী চম্পা শিৰীষ।
অগুৰু ধূপৰ ধূমে আমোদিত
 বাসয় দিশ বিদিশ॥

চৌপাশে পুতলা লিখিছে বাৰত
 কৰন্তে আছে সুৰত।
যাক দেখি হোৱে কামী পুৰুষৰ
 কামে চিত্ত উনমত্ত॥ ৩

হেন মন্দিৰৰ মধ্যত সুন্দৰী
 বসিয়া আছে আসনে।


পা* ২॥ মুৰালি—মুৰাৰি।