এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
কুঁজীৰ বাঞ্ছা-পূৰণ
সুৱৰ্ণ আসনে ৰঞ্জিত ভাজনে
প্ৰকাশে প্ৰদীপ-পান্তি॥
সুৱৰ্ণ খাটত বিছাই হংস তুলি
পুষ্প সিঞ্চি আছে ছানি।
মুৰালি মুকুতা থোপা আড়ি চাৰু
চন্দ্ৰাতপ আছে টানি॥ ২
মলয় চন্দন সুগন্ধিত ঘ্ৰাণ
মালতী চম্পা শিৰীষ।
অগুৰু ধূপৰ ধূমে আমোদিত
বাসয় দিশ বিদিশ॥
চৌপাশে পুতলা লিখিছে বাৰত
কৰন্তে আছে সুৰত।
যাক দেখি হোৱে কামী পুৰুষৰ
কামে চিত্ত উনমত্ত॥ ৩
হেন মন্দিৰৰ মধ্যত সুন্দৰী
বসিয়া আছে আসনে।
পা* ২॥ মুৰালি—মুৰাৰি।