পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োদশ খণ্ড
কুঁজীৰ বাঞ্ছা-পূৰণ

ঘোষা॥ ভকত-বান্ধৱ মাধৱ ৰাম
 তুমি অগতিৰ গতি।
 ছাড়ে জোনো মোৰ মনে নাৰায়ণ
 তোমাৰ চৰণে ৰতি॥১


পদ॥ শুক নিগদতি শুনা কুৰুপতি
 কৃষ্ণৰ মনুষ্য-লীলা।
 গোপিকাক শান্ত কৰি মথুৰাক
 উদ্ধৱ যেৱে আসিলা॥

 মদনে দগধ সৈৰিন্ধ্ৰীক জানি
 পাছে হৰি অন্তৰ্য্যামী।
 উদ্ধৱ সহিতে তাইৰ মন্দিৰক
 লড়িলা জগত-স্বামী॥ ১

 সৈৰিন্ধ্ৰীৰ সিটো বিচিত্ৰ মন্দিৰ
 সূৰ্য্য যেন কৰে কান্তি।