এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩২]
কংস-বধ
তুলি উপৰক ফুৰাইলা পাক।
আস্ফালিলা বলে মাটিত তাক॥
মুকুত কেশ হাড় বিহৰিল।
ইন্দ্ৰ-ধ্বজ যেন চাণূৰ পড়িল॥ ৪১২
মুষ্টিককো ৰামে দিলা চাপৰ।
ৰুধিৰ ছাদি পীড়া পাইল বৰ॥
ভূমিত পড়িল প্ৰাণক ছাড়ি।
পাড়ে বৃক্ষ যেন বায়ু উভাড়ি॥ ৪১৩
আসিলা খেদি আউৰ কূট নামে।
বাম মুষ্ঠি হানি মাৰিলা ৰামে॥
তোশল শল ধাইল ক্ৰোধ কৰি।
লাঠি হানি দুইকো বধিলা হৰি॥ ৪১৪
চাণুৰ মুষ্টিক কূট তোশল।
মাৰিলে শলকো দেখি বিহ্বল॥
আৱৰ মল্ল ভয় হুয়া বড়।
প্ৰাণ ৰাখি সৱে দিল লৱৰ॥ ৪১৫
দেখিয়া পাছে ৰাম কৃষ্ণ ৰঙ্গে।
আনিয়া গোপগণ লৈয়া সঙ্গে॥
দেখায়া মল্ল-ক্ৰীড়া বিপৰীত।
নাচন্ত লোকৰো বঞ্জিয়া চিত্ত॥ ৪১৬