পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ কৃষ্ণক দেখি মিলে মহাসুখ । চাহাৱে ঈষত হসিত মুখ । সদয়-দৃষ্টি চান্ত বনমালী। কতনাে কৰিলে পুণ্য গােৱালী ॥ ৪০৭ শুনিয়া সৱে পুৰ-স্ত্রীৰ বাণী । দৈৱকী-বসুদেব দুয়াে প্রাণী । নজানি দুয়াে তনয়ৰ বল। ভৈলা দুয়াে পুত্র-শশাকে বিহ্বল। ৪০৮ ঝৰিয়া পড়ে নয়নৰ নীৰ। জমক দেখে চিত্ত নােহে স্থিৰ । পুত্ৰক চাই কৰে হাহাকাৰ। দেখে দুয়াে দশােদিশে আন্ধাৰ৷ ৪০৯ দেখিয়া ভকতৰ ভয়হাৰী। শত্রু বধিবাক মনে মুৰাৰি। কৰিলা নিষ্ঠুৰ প্ৰহাৰ ধাই। মুচ্ছিত চাণুৰ চেতন নাই ॥ ৪১০ সন্ধুকি যেন শেন গােটে উঠি। মাৰিলে কৃষ্ণক ঝাৱলে মুঠি। নচলিলা হৰি পায়া প্ৰহাৰ। ধৰিলন্ত দুই বাহুত তাৰ। ৪১১ ...