পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩২]
৩২১
কংস-বধ

দ্বাত্ৰিংশ কীৰ্ত্তন।

ঘোষা॥ ৰামেসে গতি ভজ মোৰ মতি।
ৰামেসে গতি ৰামেসে গতি॥ ৩২

পদ॥ অভাগী কিনো আমি সৱে সখী। .
 যুদ্ধ-সময়ত কৃষ্ণক দেখি॥
 কি পুণ্য কৰিলে ব্ৰজৰ নাৰী।
 অনুক্ষণে দেখে হেন মুৰাৰি॥ ৪০৩

 যাহাৰ ৰূপক নাহি সমান।
 অনুদিনে কৰে নয়নে পান॥
 মথন্তে দধিক দুহন্তে গাই।
 কৰন্তে গৃহৰ কৃত্য সদায়॥ ৪০৪

 কৃষ্ণৰ গাৱে গুণ-নাম-গীত।
 সততে কৃষ্ণত অৰ্পিয়া চিত্ত॥
 পড়ে প্ৰেম-ভাৱে লোতক ঝৰি।
 ধন্য ধন্য কিনো ব্ৰজ-সুন্দৰী॥ ৪০৫

 প্ৰভাতে যাহান্তে ব্ৰজৰ হন্তে।
 গৰু সমে সন্ধ্যা-বেলা আসন্তে॥
 কৃষ্ণৰ বাংশীৰ শুনন্তে ৰাৱ।
 বঝায় গোপীসৱ আকুলভাৱ॥ ৪০৬

২১