পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২০
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


নতু প্ৰৱেশন্ত যৌৱন-কাল।
আসম্বাক যুঝে দুৰ্জ্জয় মাল॥
সভাকো ধিক্কাৰ আছোক আতি।
কহৱে কথা অন্যো-অন্যে মাতি॥ ৩৯৮
দেখিয়ো কৃষ্ণৰ বদন-ইন্দু।
ব্যাপিয়া আছে ঘৰ্ম্ম-জল-বিন্দু॥
জলে সমে যেন পঙ্কজ-কোশ।
যুঝন্ত শত্ৰুক কৰি আক্ৰোশ॥ ৩৯৯
কোনোজনী বোলে কিনো আসুখ।
কিয়নো নচাৱা ৰামৰ মুখ॥
অৰুণ-নেত্ৰ পঙ্কজৰ জৌতি।
কৰিছা ক্ৰোধ মুষ্টিকক প্ৰতি॥ ৪০০
কেহো বোলে সখী দেখিয়ো তুমি।
ধন্য ধন্য সিটো ব্ৰজৰ ভূমি॥
পুৰাণ পুৰুষ এহেন্তে হৰি।
ফুৰন্ত যৈত নানা ক্ৰীড়া কৰি॥ ৪০১
অৱতৰি বিষ্ণু আছা মহীত॥
আহাঙ্কো যুঝাৱে মালে সহিত॥
ইটো সমাজক আছে ধিক্কাৰ।
বোলা হৰি হৰি তৰা সংসাৰ॥ ৪০২