পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ফাম ৩২ ] কংস দ্বাত্ৰিংশ কীৰ্ত্তন। ঘোষা। আমেলে গতি ভজ মোৰ মতি। মেসে গতি ৰামেসে গতি। ৩২ পদ। অভাগী কিনো আমি সৱে সখী। . যুদ্ধ-সময়ত কৃষ্ণক দেখি। কি পুণ্য কৰিলে ব্ৰজৰ নাৰী। অনুক্ষণে দেখে হেন মুৰাৰি৷ ৪৩ যাহাৰ ৰূপক নাহি সমান। অনুদিনে কৰে নয়নে পান। মথন্তে দধিক দুহন্তে গাই। কৰন্তে গৃহৰ কৃত্য সদায়॥ ৪০৪ কৃষ্ণৰ গাৱে গুণ-নাম-গীত। সততে কৃষ্ণত অৰ্পিয়া চিত্ত। পড়ে প্ৰেম-ভাৱে লোতক ঝৰি। ধন্য ধন্য কিনো ব্ৰজ-সুন্দৰী। ৪৫ প্ৰভাতে যাহান্তে ব্ৰজৰ ইন্তে। গৰু সমে সন্ধ্যাবেলা আসন্তে। কৃষ্ণৰ বাংশীৰ শুনন্তে ৰাৱ। বঝায় গোপীসৱ আকুলভাৱ৷ ৪৬