পৃষ্ঠা:Kirtan Ghosha.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় খণ্ড

পাষণ্ড-মৰ্দ্দন।

প্ৰথম কীৰ্ত্তন

ঘোষা। কলিৰ ধৰ্ম্ম হৰি-নাম জান।
 পাপীৰ নিন্দাত নেদিবা কাণ॥১

পদ॥ কহিলা শুকে বেদান্তৰ মৰ্ম্ম।
 শুনা পৰীক্ষিত কলিৰ ধৰ্ম্ম॥
 কলিসি শ্ৰেষ্ঠ চাৰি যুগ মাজে।
 প্ৰশংসে কলিক জ্ঞানী-সমাজে॥ ১
 অপ্ৰয়াসে সিজে, কলিত পুণ্য।
 কলিৰ শুনা কেন মহাগুণ॥
 কৰিয়া কীৰ্ত্তন কলিত আতি।
 পাৱে বৈকুণ্ঠক ছত্ৰিশ জাতি॥ ২
 সত্য যুগে কৰি ধ্যান সমাধি।
 ত্ৰেতাত সমস্তে যজ্ঞ আৰাধি॥ .
 দ্বাপৰে পূজি নানা ভক্তিভাৱে।
 কলিত কীৰ্ত্তনে সি গতি পাৱে ॥ ৩