পৃষ্ঠা:Kirtan Ghosha.pdf/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৃতীয় খণ্ড পাষণ্ড-মৰ্দন। প্ৰথম কীৰ্তন ঘোষা। কলিৰ ধৰ্ম্ম হৰি-নাম জান। পাপীৰ নিশাত নেদিবা কাণ॥ পদ॥ কহিলা শুকে বেদান্তৰ মৰ্ম্ম। শুনা পৰীক্ষিত কলিৰ ধৰ্ম। কলিসি শ্ৰেষ্ঠ চাৰি যুগ মাজে। প্ৰশংসে কলিক জ্ঞানী-সমাজে॥ ১ অপ্ৰয়াসে সিজে, কলিত পুণ্য। কলিৰ শুনা কেন মহাগুণ। কৰিয়া কীৰ্ত্তন কলিত আতি। পাৱে বৈকুণ্ঠক ছত্ৰিশ, জাতি॥ ২ সত্য যুগে কৰি ধ্যান সমাধি। ত্ৰেত সমন্তে যজ্ঞ আৰাধি। . দ্বাপৰে পূজি নানা ভক্তিভাৱে। কলিত কীৰ্ত্তনে সি গতি পাৱে ৩