পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-ঘোষা সত্য-যুগে যত আছিল প্ৰাণী। কলিত জম্মিবো বোলে কৈসানি। হৰিনাম ঘুষি কলি-যুগত। | নিছয়ে হুইবেক লোক ভকত॥ ৪ দোষৰ নিধি কলি যদি পাপী। আছে মহাগুণ আত তথাপি! কেৱলে কীৰ্ত্তনে সংসাৰ তৰি। বন্ধ ছিণ্ডি হোৱে আপুনি হৰি॥ ৫ কলিত কীৰ্ত্তনে হোৰে ভকত। আত পৰে লাভ নাহি লোকত। আমাৰ বোলে চিত্ত নেদা পাৰি। একাদশ স্কন্ধ চোৱা বিচাৰি।.৬ কলিৰ লোক আতি পাপমতি। নসাধে আন ধৰ্মে আৰে গতি ৰাম নাম যিটো সততে গাৱে। সেহিসে হাততে মুকুতি পাৱে। ৭ দুষ্টচিত্তে যদি হৰি সুমৰে। তথাপিতো তাৰ পাতক হৰে।। | পা ৫৪ ছিণ্ডি-চুড়ি।