পৃষ্ঠা:Kirtan Ghosha.pdf/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
[খণ্ড ২
কীৰ্ত্তন-ঘোষা

কলিত সদা নুসুমৰে হৰি।
হেলাত মৰে আত্মঘাত কৰি॥ ৩৫
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
মনুষ্য-জন্মক নপায় সেন্থৰে॥
আকো ব্যৰ্থ কৰা কিনো অভাগী।
মাণিক্যক বিকা কাঞ্চক লাগি।।৩৬
কেতিক্ষণে কিবা মিলে বিঘাত।
তথাপি চেতন নাহিকে গাত॥
আজি কালি কিবা মিলে মৰণ।
হৰিৰ নামত লৈয়ো শৰণ॥ ৩৭
নকৰিবা নিন্দা মোক মহন্তে।
আসিল শাস্ত্ৰ বাৰানসী হন্তে॥
তাহাঙ্ক চাই নিবন্ধিলো পদ
হৰি হৰি বুলি তৰা আপদ॥ ৩৮

নাম-অপৰাধ সমাপ্ত॥২॥