পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৮]
৩০৭
কংস-বধ

 কৃষ্ণ-দৰশনে কামে বিমোহিত
 সমস্তে পুৰ-যুৱতী।
বসন বলয়া  সুলকিল খোপা
 তাতে নাহি কাৰো মতি॥

চিত্ৰৰ পুতলী  আছে যেন ৰহি
 কৃষ্ণতে অৰ্পিয়া মন।
আন কাম এৰি  বোলা হৰি হৰি
 সমজ্যাৰ যত জন॥ ৩৪২

অষ্টাবিংশ কীৰ্ত্তন

ঘোষা॥ জগন্নাথ অনাথক খাপিয়ো চৰণে।
তোমাক বান্ধৱ মানি পশিলো শৰণে॥ ২৮


পদ॥ এহিমতে ৰামকৃষ্ণ ভ্ৰমন্তে পথত।
 ধনুৰ্যাগ-শালা পাইলা পুছিয়া লোকত॥
 দেখিলা কংসৰ দিব্য ধনু কৃষ্ণে পাছে।
 যেন ইন্দ্ৰধনুখণ্ড প্ৰকাশন্তে আছে॥ ৩৪৩
 আনন্দে গোৱিন্দে ধৰিবাক যান্ত তাক।
 দেখিয়া ৰখীয়া সেনাগণে দেয় হাক॥


পা ৩৪৩॥ ইন্দ্ৰধনুখণ্ড—মহেন্দ্ৰৰ চাপ।