পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তথাপি লীলায়ে বাম হাতে তুলি ধৰি। নিমিষেকে ধনুত লগাইল গুণ হৰি ৷৷ ৩৪৪ অপ্রয়াসে টানিয়া ভাঙ্গিল ধনুখণ্ড। যেন মত্ত মাতঙ্গে ভাঙ্গিল ইক্ষুণ্ড । তাৰ ঘােৰ শবদে পূৰিল দিশ-পাশ। শুনি কংসৰায়ৰ অদ্ভুত ভৈল ব্রাস ॥ ৩৪৫ দেখিয়া ৰখীয়া সিটো কটক কিটাইল । অস্ত্র-শস্ত্র ধৰি ক্রোধে মাধৱক ধাইল। বেঢ়িলেক চতুর্ভিতি ধৰ মাৰ বুলি। খঙ্গে ভগা ধনু ৰাম-কৃষ্ণে লৈলা তুলি। ৩৪৬ সমন্তে সেনাক মানে বধিলা দোভাই। কংসে পঠাইলেক যি মাৰিলা কোবাই। ধনুৰ শালাৰ হন্তে বাঝ হুয়া দুই। নগৰ চাহান্তে ফুৰে মহা হৃষ্ট হই। ৩৪৭ প্রভাৱে প্ৰগ ৰূপ দেখি নিৰুপম। সৱে বােলে ইটো দুই দেৱতাে উত্তম। অনন্তৰে সূৰ্য্যে পাইলা অন্তগিৰি গই। নিৱৰ্তিত ৰাম-কৃষ্ণ গােপগণ লই॥ ৩৪৮ পা ৩৪ মােপ।