পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কামে বিমােহিত সমন্তে পুৰ-যুৱতী। বসন বলয়া সুলকিল খােপা তাতে নাহি কাৰৰ মতি। চিত্ৰৰ পুতলী আছে যেন ৰহি। কৃষ্ণতে অপিয়া মন। আন কাম এৰি বােলা হৰি হৰি সমজাৰ যত জন। ৩৪২ অষ্টাবিংশ কীর্তন ঘােষ। জগন্নাথ নাথক খাপিয়ে চৰণে। তােমাক বান্ধৱ মানি পশিললা শৰণে। ২৮ পদ। এহিমতে ৰামকৃষ্ণ ভ্রমন্তে পথত। ধনুর্যাগ-শালা পাইলা পুছিয়া লােকত । দোখলা কংসৰ দিব্য ধনু কৃষ্ণে পাছে। যেন ইন্দ্রধনুখণ্ড প্রকাশন্তে আছে। ৩৪৩ আনন্দে গােৱিন্দে ধৰিবাক যান্ত তাক। দেখিয়া ৰখীয়া সেনাগণে দেয় হাক । ৩৪৩ ইন্দ্রধনুখণ্ড—মহেন্দ্ৰৰ চাপ।