এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা
কামাতুৰ হুয়া হসিয়া মাতয়
কৃষ্ণৰ বস্ত্ৰত ধৰি॥ ৩৩৯
তুমি চিত্ত মোৰ মথিলা মাধৱ
এৰিবে নোৱাৰো আমি।
আসা গৃহে যাওঁ হুয়োক প্ৰসন্ন
তিনিও লোকৰ স্বামী॥
ৰামৰ আগত কৃষ্ণৰ বস্ত্ৰত
ধৰিয়া প্ৰাৰ্থন্তে আছে।
সমস্তে গোপৰ মুখ চায়া হাসি
হৰি মাতিলন্ত পাছে॥ ৩৪০
আমি-পথুকৰ তুমিসে আশ্ৰয়
যায়োক আজি গৃহক।
তোমাৰ থানক অৱশ্যে আসিবো
বধিয়া দুষ্ট কংসক॥
এহি বুলি তাইক মধুৰ বচনে
আশ্বাসি পঠাইলা হৰি।
বাণিজাৰুগণে দোভাইক পূজিল
অনেক দ্ৰব্যে সাদৰি॥৩৪১