পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৭]
৩০৫
কংস-বধ


ভোজ নৃপতিৰ আতি প্ৰীতিকৰ
 মোহোৰ চন্দন মাত্ৰ।
তোৰা দুই বিনে ইটো চন্দনৰ
 আছে আউৰ কোন পাত্ৰ॥ ৩৩৭

সুকুমাৰ ৰূপ দেখি মোহ ভৈল
 কৃষ্ণৰ সুৰস মাতে।
দোভাইৰো শৰীৰ চন্দনে ৰঞ্জিল
 যুৱতী আপুন হাতে॥

এতেকে প্ৰসন্ন ভৈলা ভগৱন্ত
 যিটো ভকতৰ গতি।
কৰিলন্ত মতি সিটো কুবুজাক
 ঋজু কৰিবাক প্ৰতি॥ ৩৩৮

তাইৰ দুই ভৰি দুপাৱে জান্তিয়া
 চিবুকত ধৰি হাতে।
উপৰক তুলি চম্বু কৰিলন্ত
 তিনিও লোকৰ নাথে॥

কৃষ্ণ-পৰশনে তেতিক্ষণে তাই
 ভৈ গৈল দিব্য সুন্দৰী।

২০