পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

ভূমিত পড়ি বোলে মালাকাৰ।
পিতৃ দেৱ ঋষি তুষ্ট আমাৰ॥
আজিসে জন্ম সাফলিলো আমি।
কুলকো পৱিত্ৰ কৰিলা স্বামী॥ ৩২৭
জগতৰে মুখ্য কাৰণ হুই।
ভৈলা অৱতাৰ তোমৰা দুই॥
ভকত জনৰ ৰক্ষাৰ হেতু।
দুষ্টক নাশা গৰুড়-কেতু॥ ৩২৮
জগতৰে আত্মা ঈশ্বৰ দেৱ।
তোমাৰ শত্ৰু-মিত্ৰ নাহি কেৱ॥
সমস্ত ভূততে আছা বিয়াপি।
ভজন্তাক প্ৰভু ভজা তথাপি॥ ৩২৯
কৰিয়ো আজ্ঞা আমি তযু ভৃত্য।
তোমৰা দুইৰ কৰে কিবা কৃত্য॥
যাক পাঞ্চা তুমি কাৰ্য্যক লাগি।
প্ৰসাদ পাইলা সেহি মহাভাগী॥ ৩৩০
এহি বুলি বুঝি কৃষ্ণ-ইঙ্গিত।
আনিয়া সুগন্ধি পুষ্পে ৰচিত॥
পিন্ধাইলা দুইকো অঙ্গ-মুণ্ড-মাল।
পুষ্পে ভূষিলেক যত গোৱাল॥ ৩৩১