পৃষ্ঠা:Kirtan Ghosha.pdf/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৬]
৩০১
কংস-বধ

ছিণ্ডিল মুখ চৱৰতে তাৰ।
যত লগৰীয়া সিটো ধোবাৰ॥
বস্ত্ৰ পেলাই সৱে দিলে লৱড়।
দেখিয়া কৃষ্ণে ৰঙ্গ ভৈলা বড়॥ ৩২২
ভাল বাছি বস্তু লৈলা দোভাই।
গোৱালসৱক দিলে পেহলাই॥
বেশকাৰে আসি পিন্ধাই বস্ত্ৰক।
কছাইল ৰঙ্গে ৰাম-মাধৱক॥ ৩২৩
তাত তুষ্ট কৃষ্ণ ভৈলা অধিক।
দিলন্ত পৰম ঐশ্বৰ্য্য-শ্ৰীক॥
সাৰূপ্য মুকুতিকো দিলা তাক।
বুলিলা অনেক আশ্বাস-বাক॥ ৩২৪
সুদামা নামে মালাকাৰ আছে।
তাহাৰ বাড়ীত পশিল পাছে॥
দুৰতে দেখে আসে কৃষ্ণ-ৰাম।
কৰিল সুদামা পড়ি প্ৰণাম॥ ৩২৫
আসন আনি দিল আথে-বেথে।
বসিলা তাত ৰঙ্গে জগন্নাথে॥
পাদ্য-অৰ্ঘ্যে গন্ধ-ধূপ লগাই।
কৰিল পূজা লৈলা দুয়ো ভাই॥ ৩২৬