পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভূমিত পড়ি বােলে মালাকাৰ। পিতৃ দেৱ ঋষি তুষ্ট আমাৰ । আজিসে জন্ম সাফলিলাে আমি। কুলকো পৱিত্ৰ কৰিলা স্বামী ॥ ৩২৭ জগতৰে মুখ্য কাৰণ হুই। ভৈলা অৱতাৰ তোমৰা দুই। ভকত জনৰ ৰক্ষাৰ হেতু। দুষ্টক নাশা গৰুড়-কেতু। ৩২৮ জগতৰে আত্মা ঈশ্বৰ দেৱ। তােমাৰ শত্রু-মিত্র নাহি কে ॥ সমস্ত ভূততে আছ, বিয়াপি। ভজস্তাক প্ৰভু ভজা তথাপি ॥ ৩২৯ কৰিয়াে আজ্ঞা আমি তযু ভূক্ত। তােমৰা দুইৰ কৰে কিবা কৃত্য। যাক পাঞ্চা তুমি কাৰ্যক লাগি। প্রসাদ পাইলা সেহি মহাভাগী ॥ ৩৩০ এহি বুলি বুঝি কৃষ্ণ-ইঙ্গিত। . আনিয়া সুগন্ধি পুষ্পে ৰচিত । পিন্ধাইলা দুইকো অঙ্গ-মুণ্ডমাল। পুষ্পে ভূষিলেক যত গােৱাল ৩৩১