পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


. ভকতি তাৰ দেখি কৃষ্ণ-ৰাম। বােলন্ত লৈয়ােক বৰ সুদাম ॥ শুনিয়া মালী বােলে জোৰ হাতে। থাকোক অচলা ভক্তি তােমাতে ॥ ৩৩২ বিষ্ণু-ভকতেসে হৈবে বান্ধৱ। ভূত-দায়া জোনাে ছাড়াে মাধৱ। এহি বুলি মৌন লৈ সুদাম। দিল সৱে বৰ কৃষ্ণ-ৰাম ॥ ৩৩৩, বুলিলা আৰৰ ভক্তি তাৰ দেখি। নেতােক তােমাত অচলা লক্ষীয় বল আয়ু যশ দিলাে সমৃদ্ধি। সর্বকালে হোক বংশ বৃদ্ধি । ৩৩৪ সুদামাক দিয়া এতে বৰ। বজাইলা তৈৰ ৰাম দামােদৰ ৷ আনন্দে বেঢ়ি যায় গােপগণে। হৰি হৰি বােলা সমস্ত জনে। ৩৩৫