এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৪]
২৯৩
কংস-বধ
আনন্দতে পড়ে নেত্ৰৰ পানী।
কণ্ঠৰো নোহ্লায় গদগদ বাণী॥
পৰম ভক্তি কৰি মহাভাগে।
কৃতাঞ্জলি কৰি পড়িলা আগে॥ ২৮৬
চতুৰ্বিংশ কীৰ্ত্তন
ঘোষা॥ মাধৱ ৰাম মুকুন্দ মুৰাৰি॥ ২৪
পদ॥ শিৰে প্ৰণামি পাছে দানপতি।
কৰিবে লাগিলা অনেক তুতি॥
নমো নাৰায়ণ কৰোহো সেৱ।
স্ৰষ্টাৰো স্ৰষ্টা তুমি আদি দেৱ॥ ২৮৭
তোমাৰ নাভিত ভৈলন্ত বিধি।
যাত হন্তে ভৈল সৃষ্টিৰ সিদ্ধি॥
যত পঞ্চ ভূত ইন্দ্ৰিয়-দেৱ।
তোমাৰ ৰূপক জানে কেৱ॥ ২৮৮
নজানি লোকে আন দেৱ পূজে।
সিও বিধি-হীনে তোমাকে যজে॥
যেহেন নদ নদী সমুদায়।
অনেক পথে সাগৰক যায়॥ ২৮৯