পৃষ্ঠা:Kirtan Ghosha.pdf/৩০৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কাধ আনতে পড়ে নেত্ৰৰ পানী। কণ্ঠৰৰ নােহলায় গদগদ বাণী। পৰম ভক্তি কৰি মহাভাগে। কৃতাঞ্জলি কৰি পড়িলা আগে। ২৮৬ চতুর্বিংশ কীৰ্ত্তন ঘােষা। মাথৱ ৰাম মুকুন্দ মুৰি। ২৪ পদ । শিৰে প্ৰণামি পাছে দানপতি। কৰিব লাগিল। অনেক তুতি। নমাে নাৰায়ণ কৰােহহ সেৱ। অষ্টাৰৰ স্রষ্টা তুমি আদি দেৱ । ২৮৭ তােমাৰ নাভিত ভৈলন্ত বিধি। যাত হন্তে ভৈল সৃষ্টিৰ সিদ্ধি। যত পঞ্চ ভূত ইন্দ্রিয়-দে। তােমাৰ ৰূপক জানে কেৱ। ২৮৮ নজানি লােকে আন দেৰ পুজে। সিও বিধি-হীনে তােমাকে যজে। যেহেন নদ নদী সমুদায়। অনেক পথে সাগৰক যায় ॥ ২৮৯