পৃষ্ঠা:Kirtan Ghosha.pdf/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


মায়ায়ে মোহিত সৱাৰো মন।
তোমাৰ নিচিন্তে কেৱে চৰণ॥
যাৰ নষ্ট হুইব সংসাৰ-বন্ধ।
তোমাৰ ভক্তিক তাৰ প্ৰবন্ধ॥ ২৯০
ৰূপ দেখাই মোক কৰিলা দায়া।
জানিলো এড়াইলো সংসাৰ-মায়া॥
নমো হৃষীকেশ জগত-পতি।
তুমি বিনা নাই আমাৰ গতি॥ ২৯১
কৰিলা অনেক তুতি বিনয়ে।
নকৈলো পদ-বিস্তৰক ভয়ে॥
জলত পাছে দেখা দিয়া হৰি।
ভৈল অন্তৰ্দ্ধান ৰূপ সংহৰি॥ ২৯২
বিষ্ণুক নেদেখি পাছে অক্ৰূৰে।
জলৰ উঠিল আতি সত্বৰে॥
মধ্যাহ্ন-সন্ধ্যা কৰি মহাশয়।
গৈলন্ত ৰথক হুয়া বিস্ময়॥ ২৯৩
অক্ৰূৰত হৰি সোধন্ত হাসি।
বিস্ময় ভৈলা কেনে তুমি আসি॥
দেখিলা কিবা কৈত অদভুত।
সত্বৰে কহিয়ো গান্দিনী-সুত॥ ২৯৪