এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আজানুলম্বিত শূল ভুজ চাফি।
শঙ্খ-চক্র-গর্জা-পঙ্কজ-ধাৰী ।
কয় কেয়ুৰ কক্ষণে কান্তি।
বক্ষঃস্থলে শােভে ঐবৎস-পাতি । ২৮১
আপাদম্বী বনমালা গলে।
মুকুতাৰ হাৰ হিয়াত জ্বলে।
তুৰ মেখলা কটিৰ মাঝে!
তাতে সুৱৰ্ণৰ কিঙ্কিণী বাজে। ২৮২
চাৰু উৰু জানু জঞ্জ যুগল।
দুখানি চৰণ যেন কমল।
আঙ্গুলি-পাত্তি তাৰ ভৈল পাসি।
আৰকত নখে আছে প্রকাশিঃ ২৮৩
ৰৰ নুপুৰে আতি ৰঞ্জিত।
যাত ভকতৰ সদায়ে চিত্ত |
সুনন্দ নন্দ আদি কৰি পাছে।
চৌপাশে পাৰিষদে সেৰি আছে ॥ ২৮৪
পঙ্কৰ ব্ৰহ্মা যত প্রজাপতি।
কৰজোড়ে সৱে কৰস্ত তুতি।
আপুনি লমী আৰাধত্ত পার।
অৰে দেখি শিহুইলা গাৱ॥ ২৮৫