এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা
ত্ৰয়োবিংশ কীৰ্ত্তন
ঘোষা॥ হৰি বোলা হৰি বোলা মাধৱ ৰাম॥ ২৩
পদ॥ ৰথে তুলি ৰাম-কৃষ্ণ দোভাই।
অক্ৰূৰে লই যান্ত ঘোড় ডকাই॥
বায়ুৰ বেগে নোহে এক তুল।
পাইল গৈয়া পাছে যমুনা-কূল॥ ২৭২
মধ্যাহ্ন-সন্ধ্যা কৰিবাক প্ৰতি।
ৰাখিল ৰথ তৈতে দানপতি॥
দোভাইক ৰথে থৈয়া তৰু-তলে।
নামিলা গৈয়া যমুনাৰ জলে॥ ২৭৩
বুড় দিয়া মন্ত্ৰ জপিলা পাছে।
দেখন্ত ৰাম-কৃষ্ণ তৈত আছে॥
ৰথত নাহিকা বুলি উঠিলা।
দোভাইক ৰথে দুনাই দেখিলা॥ ২৭৪
পূৰ্ব্বৱতে বসি আছন্ত দুই।
দুনাই বুড় দিলা বিস্ময় হুই॥
জলৰ মাঝত দেখন্ত পাছে।
সহস্ৰেক ফণে অনন্ত আছে॥ ২৭৫